এইকেইটা বস্তু কেতিয়াও কাকো উপহাৰ নিদিব, কাৰো পৰা নল’বও


 

উপহাৰ পালে কাৰনো ভাল নালাগে! দিলেও মন আনন্দৰে ভৰি উঠে! কিন্তু উপহাৰ দিয়াৰ সময়ত আমি নাভাৱো যে এই উপহাৰ দিয়া–লোৱাই আমাৰ জীৱনত কি প্ৰভাৱ পেলাইছে। বাস্তু শাস্ত্ৰ মতে, উপহাৰৰ মাৰাত্মক প্ৰভাৱ পৰে আমাৰ জীৱনত। এনে বহু সামগ্ৰী আছে যিবোৰ উপহাৰ হিচাপে দিয়া বা লোৱা একেবাৰেই উচিত নহয়। জীৱনত নামি আহে ঘোৰ আৰ্থিক অনাটন।

ৰুমাল বা টাৱেল ভুলতো কাকো নিদিব বা কাৰো পৰা নল’ব।যিকোনো ঠাকুৰৰ মূৰ্তি বা ফটো কেতিয়াও কাকো উপহাৰ নিদিব বা নল’ব। কাৰণ সেই ঠাকুৰ ৰখাৰ সঠিক স্থানত হয়তো তেওঁৰ অজানা, বা সঠিক নিয়মত তাৰ সেৱা হয়তো তেওঁ কৰিব নাজানিব। ফলত যিয়ে দিছে অথবা যিয়ে লৈছে, উভয়ৰে ক্ষতি হয়।জলযুক্ত কোনো বস্তু যেনে একুৱাৰিয়াম, ফিছ বল কাকো উপহাৰ দিব বা ল’ব নালাগে।নিজৰ কামৰ সৈতে জড়িত কোনো বস্তু কাকো উপহাৰ দিব নালাগে। যেনে যদি কোনোবা লেখক তেন্তে নিজৰ লেখা পেন বা বহী কাকো উপহাৰ দিলে নিজৰ কামৰ ক্ষতি হয়।

ধাৰাল কোনো সামগ্ৰী যেনে কাৰুকাৰ্য কৰা ছুৰি বা তৰোৱাল কাকো উপহাৰ নিদিব বা উপহাৰ হিচাপে নল’ব। ইয়াৰ ফলত ঘৰত নিগেটিভ এনাৰ্জী প্ৰৱেশ কৰে।

Post a Comment

Previous Post Next Post