নগাঁৱত অসুস্থ পত্নীক হুইল চেয়াৰত বহুৱাই পূজা চাবলৈ লৈ আহিল ককাই


 

পত্নী স্নেহৰ এক অনন্য নিদৰ্শন। নগাঁৱৰ এগৰাকী বৃদ্ধই দেখুৱালে পত্নী স্নেহৰ নিদৰ্শন। অসুস্থ পত্নীক হুইল চেয়াৰত বহুৱাই উপভোগ কৰোৱালে দুৰ্গা পূজা। আইতাক দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ পৰা বঞ্চিত হ’বলৈ নিদিলে ককাই।


নগাঁও চহৰৰ তেলীয়াপট্টিৰ এই দম্পতী ওলাই আহে মহা নৱমী উপভোগ কৰিবলৈ। পূজা মণ্ডপত গৈ মাৰ আৰ্শীবাদ ল’লে বৃদ্ধ দম্পতীয়ে। এই দৃশ্যই মহানৱমীত দৃষ্টি আকৰ্ষণ কৰে নগাঁও চহৰৰ বহু লোকৰ।

Post a Comment

Previous Post Next Post