অৱশেষত নতুন ঠিকনা লাভ কৰিলে যোৰহাটৰ পিতৃ-মাতৃহীন পাঁচটি কণমানিয়ে



 যোৰহাটৰ মালৌ আলিৰ সমীপৰ মনাইমাজি গাঁৱৰ এখন পথাৰৰ মাজৰ এটি জৰাজীৰ্ণ ঘৰত অকলশৰীয়া দুৰ্বিষহ জীৱন কটোৱা কণমানি পাঁচটাৰ বাতৰি News18ত প্ৰথমবাৰৰ বাবে  সম্প্ৰচাৰ হৈছিল। এই প্ৰতিবেদন সম্প্ৰচাৰ হোৱাৰ পিছতে একাংশ হৃদয়বান লোক আগবাঢ়ি আহিছিল সহায়ৰ বাবে। কিন্তু কণমানিকেইটাৰ বাবে অতিকৈ প্ৰয়োজনীয় আছিল এটি স্থায়ী সমাধানৰ। আৰু অৱশেষত এই কণমানিকেইটাই এটি নতুন ঠিকনা লাভ কৰিবলৈ সক্ষম হ’ল। সোমবাৰে সন্ধিয়া চাইল্ডলাইনৰ যোৰহাট ইউনিটৰ বিষয়ববীয়াসকলে কণমানিকেইটাক লৈ যায় চাইল্ড কেয়াৰ হোমলৈ।


চাইল্ডলাইনৰ যোৰহাট ইউনিট, চিডব্লিউচি আৰু ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকছন ইউনিটৰ বিষয়ববীয়াসকলৰ উদ্যোগত সোমবাৰে সন্ধিয়া কণমানিকেইটাক যোৰহাটৰ চাইল্ড কেয়াৰ হোমলৈ লৈ যোৱা হয়। কণমানিকেইটা ১৮ বছৰ বয়সলৈকে এই চাইল্ড কেয়াৰ হোমত থাকিব পাৰিব। লগতে তেওঁলোকক শিক্ষাদানৰ ব্যৱস্থাও কৰা হ’ব বুলি জানিবলৈ দিছে চাইল্ডলাইনৰ বিষয়াই।

আনহাতে এই সমগ্ৰ বিষয়টো যোৰহাটৰ উপায়ুক্তৰ দৃষ্টিগোচৰ হোৱাত কণমানিকেইটাৰ সহায়ৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। উপায়ুক্তগৰাকীয়ে শীঘ্ৰে কণমানিকেইটাৰ বাবে এটি পকীঘৰ নিৰ্মাণ কৰি দিয়া হ’ব বুলি জানিবলৈ দিছে। লগতে সাময়িক সকাহৰ হিচাবে সোমবাৰে কণমানিকেইটালৈ কিছু প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায় যোৰহাট জিলা প্ৰশাসনে। কণমানিকেইটাক তেওঁলোকৰ পুতিগন্ধময় উৰুখা পঁজাটোৰ পৰা এক সুৰক্ষিত স্থানলৈ লৈ যোৱাত স্থানীয় লোকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। কণমানিকেইটাক বিগত বহুদিন ধৰি সহায় আগবঢ়াই অহা মনাইমাজি গাঁৱৰ জ্ঞানজ্যোতি মহিলা গাঁওৰক্ষী বাহিনীৰ মহিলাসকল আৰু একাংশ স্থানীয় লোক নিতান্তই ধন্যবাদৰ পাত্ৰ।

আনহাতে, একাংশ লোকে কণমানিকেইটাক নিজৰ সন্তানৰ দৰে তুলি ল’বলৈয়ো আগ্ৰহ প্ৰকাশ কৰিছিল। ইয়াৰ বাবেও এক নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে বুলি জানিবলৈ দিছে চাইল্ডলাইন কৰ্তৃপক্ষই। Specialized Adoption Agency চমুকৈ SAAৰ জৰিয়তে এনে শিশুসকলক তুলি ল’বলৈ বিচৰা লোকসকল আগবাঢ়িব পাৰিব বুলি চাইল্ডলাইন কৰ্তৃপক্ষই জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post