মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ


 

ৰাজ্যত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ অনুসূচিত জাতি ছাত্র সন্থাৰ। মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায় সংগঠনটোৱে।


সংগঠনটোৱে কয়– অসমীয়াৰ সমাজ জীৱনত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহকে মিঞা মিউজিয়ামত ৰাখিছে। মিঞাৰ নিজৰ বুলিবলৈ কি আছে?


ভৱিষ্যতে এনে কাম কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি সংগঠনটোৰ। এনে কাম ভৱিষ্যতে কৰিলে আন্দোলনৰ পথ ল'ব বুলি অনুসূচিত জাতি ছাত্র সন্থাই প্ৰকাশ কৰি কয় যে এই কাৰ্যৰে অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে মিঞা পৰিষদে।

Post a Comment

Previous Post Next Post