বাংলাদেশ ভ্ৰমণলৈ যাব অসম বিধানসভাৰ ৩৭ জনীয়া বিধায়কৰ দল


 

ছয় দিনীয়া বিশেষ ভ্ৰমণসূচীৰে বাংলাদেশলৈ যাব অসম বিধানসভাৰ এটা প্ৰতিনিধি দল ৷ বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত বাংলাদেশ ভ্ৰমণলৈ যাবলগীয়া দলটোক নেতৃত্ব দিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ এই দলটোত থাকিব অধ্যক্ষ দৈমাৰীৰ সৈতে মুঠ ৩৭ গৰাকী বিধায়ক ৷


বাংলাদেশলৈ ১৫ নৱেম্বৰত যাবলগীয়া বিধায়কৰ দলটোত আছে উৎপল বৰা, অজয় ৰয়, বিজয় মালাকাৰ, শিবু মিশ্ৰ, দ্বিপায়ন চক্ৰৱৰ্তী, ৰূপজ্যোতি কুৰ্মী, বিশ্বজিত ফুকন, ৰূপেশ গোৱালা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিৰোধী উপ দলপতি ৰকিবুল হুছেইন ৷ কংগ্ৰেছী বিধায়ক ৱাজেদ আলি চৌধুৰী, কমলাক্ষ দে পুৰুকায়স্থ, ৰেকিবুদ্দিন আহমেদ, বসন্ত দাস, শিৱামণি বৰা, আব্দুৰ ৰছিদ মণ্ডল, ডা° আছিফ মহম্মদ নাজাৰ, প্ৰদীপ সৰকাৰ আৰু দিগন্ত বৰ্মন ৷
দলটোত লগতে আছে কংগ্ৰেছী বিধায়ক আফটাব উদ্দিন মুল্লাহ, খলিলউদ্দিন মজুমদাৰ, মিছবাহউল ইছলাম লস্কৰ, AGPৰ জেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভৱেন্দ্ৰ নাথ ভৰালী, পত্নী স্বৰ্ণলতা দাসৰ সৈতে CPIMৰ বিধায়ক মনোৰঞ্জন দাস, নিৰ্দলীয় বিধায়ক অখিল গগৈ, AIUDFৰ আমিনুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, ৰফিকুল ইছলাম, ছুজামউদ্দিন লস্কৰ, আশ্ৰাফুল হুছেইন আৰু  নিজামউদ্দিন চৌধুৰী ৷

ইপিনে UPPLৰ বিধায়ক গোবিন্দ বসুমতাৰী, জলেন দৈমাৰী, জয়ন্ত বসুমতাৰী আৰু লৰেন্স ইছলাৰীয়েও যাব বাংলাদেশলৈ ৷

দলটোৰ লগত দুটা সাংস্কৃতিক গোটো যাব ৷ ইয়াৰে এটা হ'ব বিহু আৰু এটা বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিবলগীয়া সাংস্কৃতিক দল । প্ৰতিটো দলত ৮ জনকৈ লোক থাকিব ৷ লগত থাকিব বিধানসভা সচিবালয়ৰ কেইজনমান বিষয়াও ৷

Post a Comment

Previous Post Next Post