কৃষকৰ বাবে আবণ্টিত বীজ ক'লা বজাৰত বিক্ৰী কৰিছে কোনে?


 

নগাঁৱৰ চিলঙনীস্থিত অসম বীজ নিগমৰ কাৰ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কৃষকৰ বাবে আবণ্টিত বীজ গোপনে ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে আজি কাৰ্যালয়টোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।


ৰাইজৰ অভিযোগ অনুসৰি, বীজ নিগমৰ ঠিকাভিত্তিক কৰ্মচাৰী ৰিয়াজুল ইছলামে বীজ নিগমৰ প্ৰৱন্ধক হৰেন্দ্ৰ কুমাৰ দাসৰ নামত ভুৱা চহী কৰি গোপনে বহু ঠাইত বীজ বিক্ৰী কৰে।

অভিযোগ অনুসৰি, নিশা হ'লেই ৰিয়াজুলে গোপনে বিভিন্ন ঠাইত গোপনে বীজ বিক্ৰী কৰে। আজি কাতি বিহুৰ বন্ধৰ সুযোগ লৈ ৰিয়াজুলে গোপনে বীজ বিক্ৰী কৰাৰ চেষ্টা কৰোঁতেই সেই ঠাইত স্থানীয় ৰাইজ উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

স্থানীয় ৰাইজে ৰিয়াজুলে ভুৱা চহী কৰাৰ দৃশ্যও মোবাইলত আবদ্ধ কৰি আৰক্ষীক অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে হয়বৰগাঁও আৰক্ষীয়ে ৰিয়াজুলক আটক কৰি সোধা-পোছাৰ বাবে লৈ যায়।  স্থানীয় ৰাইজে ৰিয়াজুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে জিলা প্ৰশাসনক দাবী জনাইছে।

Post a Comment

Previous Post Next Post