বোকাজানত ৫ কোটি টকাৰ ড্ৰাগছ জব্দ, বাহনত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল ড্ৰাগছখিনি


 

বোকাজানত পুনৰ ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। বোকাজানৰ CRPFৰ গোপন নাকা তালাচীত জব্দ কৰা হয় ৬৬৪ গ্ৰাম হেৰ'ইন।


AS05D 4641 নম্বৰৰ এখন বাহনত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল ড্ৰাগছখিনি। ৫০টা ড্ৰাগছৰ চাবোনৰ বাকচ উদ্ধাৰ কৰে বোকাজান আৰক্ষীয়ে।
নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গোলাঘাটলৈ নিয়াৰ পথতে জব্দ কৰে ড্ৰাগছখিনি। ড্ৰাগছ সৰবৰাহকাৰী চাহাবুদ্দিনক আটক কৰিছে বোকাজান আৰক্ষীয়ে। ধৃত চাহাবুদ্দিনৰ ঘৰ কৰিমগঞ্জৰ মেদাল বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post