শেহতীয়াকৈ মহানগৰীৰ চিটীবাছৰ ভাড়া বৃদ্ধি কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। আজি দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ এক প্ৰতিনিধি দলে এই সন্দৰ্ভত কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত তথা আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি বৰ্ধিত ভাড়া হ্ৰাসৰ দাবী জনায়।
এক বিবৃতি দলটোৱে কয়, ইতিমধ্যে বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি, কৰ আৰোপত বিপৰ্যস্ত ৰাইজৰ মূৰত আন এক মাধমাৰ শোধোৱা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়।
দলটোৱে লগতে চিটীবাছসমূহক নিৰ্ধাৰিত নীতি-নিয়ম পালনত পৰিবহণ বিভাগে সঠিক নিৰ্দেশনা দিবলৈও দলটোৱে দাবী জনায়।