অসম আৰক্ষীৰ ১১গৰাকী আৰক্ষী অধীক্ষকক বদলি কৰা হয়। এই অধীক্ষকসকলৰ মাজত আছে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীও। দেউৰীক বশিষ্ঠৰ 1st APBNৰ কমাডেণ্ট হিচাপে বদলি কৰা হৈছে।
আনহাতে, পশ্চিম গুৱাহাটীৰ DCP নৱনীত মহন্তক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হয়। ইয়াৰ লগতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক SB (R&AC)ৰ আৰক্ষী অধীক্ষক পদলৈ বদলি, SB (R&AC)ৰ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাক DCP (প্ৰশাসন)লৈ বদলি, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰক কমাণ্ডো বেটেলিয়নলৈ বদলি, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি, হেমন্ত কুমাৰ দাসক গুৱাহাটীৰ DCP (প্ৰশাসন)ৰ পৰা মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে বদলি, প্ৰথম AFPFৰ অধিনায়ক দেৱাশিস বৰাক DCP (পশ্চিম) পদত বদলি, কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক পদলৈ বদলি, কামাণ্ডো বেটেলিয়নৰ অধিনায়ক সঞ্জীৱ কুমাৰ শইকীয়াক কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলিৰ লগতে ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়।