যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ভগ্নী জংকী বৰঠাকুৰৰ আজি ওপজা দিন। জংকী আমাৰ মাজৰ পৰা আঁতৰি যোৱা দুটা দশক হ’ল। ২০০২ চনৰ ১২ জানুৱাৰীত এক পথ দুৰ্ঘটনাত এই পৃথিৱীৰ পৰা বিদায় লৈছিল হালধীয়া ভাল পোৱা ছোৱালীজনীয়ে। কিন্তু গান ভাল পোৱা প্ৰতিজন লোকৰ মনত আজিও জীয়াই আছে জংকী। জংকীৰ কণ্ঠই আজিও মোহাচ্ছন্ন কৰে প্ৰতিজন সংগীতপ্ৰেমীক।
জুবিনৰ ভগ্নী জংকীয়ে অসমীয়াৰ লগতে হিন্দী গানো গাইছিল। ২০০২ চনৰ ১২ জানুৱাৰীত সহশিল্পীৰ সৈতে এক অনুষ্ঠানৰ বাবে শোণিতপুৰলৈ গৈ থকাৰ সময়তে সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনাটো। শেষ হৈ গৈছিল এক উজ্জ্বল সম্ভাৱনা, এক সুন্দৰ কণ্ঠ।
জংকীৰ জন্মদিনত ছচিয়েল মিডিয়াত এক আবেগিক পোষ্ট লিখিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। ফেচবুকত গৰিমা শইকীয়া গাৰ্গে লিখিছে – ‘‘সোণাৰুৰ উজ্জ্বলতা সাবটি হাঁহি থাকিব বিচৰা ছোৱালীজনী...। তাই হালধীয়া ভাল পাইছিল... বহুত বেছি। সূৰ্য্যাস্তৰ হালধীয়া বেলি, সোণাৰুৰ হালধীয়া পাহি, পকাধানৰ থুপি থুপি থোক, গুটি গুটি ফুলেৰে যোজনবিয়পা সৰিয়হতলী... আনকি ককায়েকৰ হালধীয়া কামিজটোও। নিজৰ বাবে হালধীয়া এটি আনাৰকলি সপোন হৈ থাকি গ'ল.. জিৰ্ জিৰ্ ছন্দত নাচি থকা সোণাৰুৰ সতে প্ৰেমাস্পদৰ হাতত ধৰি হেঁপাহৰ প্ৰাতঃভ্ৰমণবোৰ সপোন হৈয়ে থাকি গʼল... পুৱাৰ হালধীয়া পোহৰবোৰ বুকুভৰাই সাবটি লʼবলৈ থাকি গʼল। কিন্তু এই সকলোবোৰৰ মাজত তাই আমাৰ বাবে চিৰযুগমীয়া এটি জীয়া কাহিনী হৈ ৰৈ গ’ল। Happy birthday Maina #Jonkie_Borthakur #1stOctober।’’