শিৱসাগৰ কোঁৱৰপুৰত শোকাৱহ দুৰ্ঘটনা, একে পৰিয়ালৰে দুই যুৱক নিহত


 

দুৰ্গোৎসৱৰ আনন্দ–উছাহৰ সময়তে শিৱসাগৰ কোঁৱৰপুৰ কাৰীগাৱত এটা পৰিয়াললৈ নামি আহিল কাল অমানিশা। যোৱানিশা ভয়ংকৰ পথ দুৰ্ঘটনাত কোঁৱৰপুৰত একে পৰিয়ালৰ দুই যুৱক নিহত হোৱাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।


স্কুটী চলাই যাওঁতেই এজোপা গছত খুন্দা মৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ কাৰাটে খেলুৱৈ  শিৰোমণি কোঁৱৰ (২৪) আৰু তেওঁৰ দদায়েকৰ পুত্ৰ অজয় কোঁৱৰ নিহত হয়। দুৰ্ঘটনাটো প্ৰদ্যুম্ন বৈৰাগী নামৰ এজন যুৱকো গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ পিছতেই তিনিওজনকে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে খেলুৱৈ, প্ৰশিক্ষক শিৰোমণি কোঁৱৰ আৰু ভাতৃ অজয় কোঁৱৰ মৃত্যু হয়।

উল্লেখযোগ্য যে নিহত শিৰোমণি কোঁৱৰ প্ৰতিভাৱান ৰাষ্ট্ৰীয় পৰ্যায়ৰ  কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক। শেহতীয়াকৈ অসম যুৱ অলিম্পিকতো তেওঁৰ নেতৃত্বত যোৱা এটা দলে পদক লাভ কৰি সুনাম কঢ়িয়াই আনিছিল।

শিৰোমণি কোঁৱৰ আৰু অজয় কোঁৱৰৰ মৃত্যুত সদৌ অসম কাৰাটে সন্থা, শিৱসাগৰ জিলা কাৰাটে সন্থাসহ স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post