নতুনকৈ মুকলি কৰা 5G সেৱা ভাৰতৰ কোন ১৩ খন চহৰে প্ৰথমে লাভ কৰিব?



 5G ৰ শক্তি কিমান?

5G প্ৰযুক্তি হৈছে শেহতীয়া আৰু দ্ৰুততম ইণ্টাৰনেট প্ৰযুক্তি, যিয়ে ইণ্টাৰনেট ব্যৱহাৰৰ সময়ত উচ্চ ডাটা হাৰ, নিৰৱচ্ছিন্ন কভাৰেজ, অতি নিৰ্ভৰযোগ্য যোগাযোগ আৰু কম বিলম্ব প্ৰদান কৰাৰ দাবী কৰে। ই শক্তিৰ কাৰ্যক্ষমতা, নেটৱৰ্কৰ কাৰ্যক্ষমতা আৰু স্পেকট্ৰামৰ কাৰ্যক্ষমতা আৰু অধিক বৃদ্ধি কৰিব বুলি এক আনুষ্ঠানিক বিবৃতিত দাবী কৰা হৈছে।

প্ৰথম পৰ্যায়ত কোনকেইখন চহৰে লাভ কৰিব 5G সেৱা?
ভাৰতবৰ্ষৰ ১৩খন চহৰে প্ৰথম পৰ্যায়ত 5G সেৱা লাভ কৰিব। এই ১৩ খন চহৰ হ’ল-

  1. দিল্লী

  2. গুৰুগ্ৰাম

  3. মুম্বাই

  4. পুনে

  5. কলকাতা

  6. লক্ষ্ণৌ

  7. বেংগালুৰু

  8. চণ্ডীগড়

  9. আহমেদাবাদ

  10. গান্ধীনগৰ

  11. চেন্নাই

  12. হায়দৰাবাদ

  13. জামনগৰ
    দিল্লী, চেন্নাই, কলকাতা, আৰু মুম্বাইকে ধৰি ৪খন চহৰে আজৰ পৰা লাভ কৰিব 5G স্পীড, কিন্তু নিৰ্বাচিত অঞ্চলত। 5G ইন্টাৰনেট সংযোগ 4G ইন্টাৰনেটতকৈ দহ গুণ বেছি দ্ৰুত হ'ব বুলি আশা কৰা হৈছে।


সমগ্ৰ দেশে কেতিয়া পাব 5G সেৱা?
উল্লেখ কৰা হৈছে যে সামগ্ৰিকভাৱে ৰ’লআউটৰ বাবে সমগ্ৰ দেশত উপনীত হ’বলৈ কিছু মাহ সময় লাগিব আৰু টেলিকম সেৱা প্ৰদানকাৰীসকলে ইতিমধ্যে ইয়াৰ ওপৰত কাম কৰি আছে।
5G সেৱাৰ বাবে কিমান চাৰ্জ হ’ব?
5G ইণ্টাৰনেট সেৱাৰ মূল্য 4G নেটৱৰ্কৰ শুল্কৰ প্ৰায় আশে-পাশে থাকিব বুলি আশা কৰা হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা 5G স্পেকট্ৰম নিলামৰ বাবে ৰিলায়েন্স, ভোডাফোন আইডিয়া, এয়াৰটেল আৰু আদানি গ্ৰুপ আছিল প্ৰধান নিবিদাকাৰী, সৰ্বাধিক দৰদাম কৰিছিল- 5G স্পেকট্ৰামৰ বাবে প্ৰায় ১.৫০ লাখ কোটি টকা।

ৰিলায়েন্স জিঅ’ই দাবী কৰিছে যে ভাৰত হ’ব ৫জি ইণ্টাৰনেট গ্ৰহণ কৰা আটাইতকৈ দ্ৰুত দেশ আৰু কয় যে ২০২৩ চনৰ ভিতৰত তেওঁলোকে সমগ্ৰ দেশতে 5G কভাৰেজ বৃদ্ধি কৰিব।আনহাতে, এয়াৰটেলে ২০২৪ চনৰ ভিতৰত ৫জিৰ সম্পূৰ্ণ কভাৰেজ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে।

Post a Comment

Previous Post Next Post