ৰিয়েলিটি শ্ব’ বৰ্জন কৰাৰ বিষয়ে সামাজিক মাধ্যমত চৰ্চা! জানক কি হৈছে আচলতে?


 

ইণ্ডিয়ান আইডলৰ গায়কী ৰিয়েলিটি শ্ব’ৰ ত্ৰয়োদশ ছিজনত হিমেশ ৰেশমীয়া, নেহা কক্কৰ আৰু বিশাল দাদলানীয়ে বিচাৰকৰ আসনত আছে। শ্ব’টো আৰম্ভ হোৱাৰ প্ৰায় তিনি সপ্তাহ পাৰ হৈ শীৰ্ষ ১৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হৈছে। কিন্তু সামাজিক মাধ্যমত শীৰ্ষ ১৫ৰ ভিতৰত এজনো প্ৰতিযোগীৰ স্থান নিশ্চিত নকৰাৰ বাবে ৰিয়েলিটি শ্ব’টোৰ নিৰ্মাতাসকলৰ লগতে সকলো বিচাৰকৰ ওপৰত ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু ছ’চিয়েল মিডিয়াত শ্ব’টো বৰ্জন কৰাৰ কথা আলোচনা হৈছে। এই প্ৰতিযোগী আন কোনো নহয় ৰিটো ৰিবা।


ইণ্ডিয়ান আইডল ১৩ ৰ পৰা বাহিৰ হৈছে ৰিটো ৰিবা। শ্ব’টোৰ অডিচনৰ সময়ৰ পৰাই তেওঁৰ কণ্ঠ আৰু গীতৰ শৈলীৰ বাবে তেওঁক ৰাইজে আকোঁৱালি লৈছিল। আচলতে শ্ব’টোৰ আৰম্ভণিতে মুঠ ৩০ জন প্ৰতিযোগীক নিৰ্বাচিত কৰা হৈছিল, ইয়াৰে বিচাৰকসকলে শীৰ্ষ ১৫ জনক বাছি ল’ব লাগিছিল। আৰম্ভণিৰে পৰাই ৰিবাক ৰাইজে ভাল পাইছিল, কিন্তু শীর্ষ ১৫ত অৰুণাচলৰ পৰা অহা ৰিটো ৰিবাক লোৱা নহ’ল৷

এতিয়া মানুহৰ প্ৰশ্নটো হ’ল ইমান ভাল কণ্ঠ আৰু গায়কীৰ বহুমুখী প্ৰতিভা থকাৰ পিছতো ৰিটো ৰিবাক কিয় শ্ব’টোৰ পৰা বাহিৰ কৰি দিয়া হ’ল? শ্ব’টোৰ আৰম্ভণিৰে পৰাই বিচাৰকসকলেও তেওঁক ভাল পাইছিল।

ৰিবাক পৰৱৰ্তী ৰাউণ্ডত অন্তৰ্ভুক্ত নকৰাৰ সিদ্ধান্তৰ ওপৰত ক্ষোভ আৰু হতাশা প্ৰকাশ কৰি অনুৰাগীসকলে change.org ত তেওঁ শ্ব’টোলৈ ঘূৰি অহাৰ বাবে দুখন অনলাইন আবেদন দাখিল কৰে।

এই আবেদনত কোৱা হৈছে, “ৰিটো ৰিবাক ৱাইল্ড কাৰ্ড হিচাপে ঘূৰাই আনিব লাগে।" এখন আবেদনত ১৬০০ ৰো অধিক স্বাক্ষৰ থকাৰ বিপৰীতে আনখনত এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত ৪০০০ ৰো অধিক স্বাক্ষৰ আছে।
টুইটাৰত মানুহে ইণ্ডিয়ান আইডলৰ নিৰ্মাতা আৰু বিচাৰকৰ ওপৰত বহু ক্ষোভ প্ৰকাশ কৰিছে। একাংশই এই অনুষ্ঠানটোক ভুৱা বুলি অভিহিত কৰাৰ বিপৰীতে একাংশই ৰিটো ৰিবাক বৈষম্যৰ অভিযোগো উত্থাপন কৰে। এই প্ৰতিক্ৰিয়া টুইটসমূহ তলত পঢ়িব পাৰিব।

Post a Comment

Previous Post Next Post