যোৰহাট নগৰৰ মাজমজিয়াত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ। শুকুৰবাৰে পুৱা নগৰৰ ৰাজমাও পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে চেণ্ডেলৰ লগতে পৰিচয় পত্ৰ আৰু ছুইচাইড নোট।
মৃত লোকজন পুলিবৰ পৰ্বতীয়াৰ ধ্ৰুৱজ্যোতি পাঠক বুলি পুখুৰীৰ পাৰত উদ্ধাৰ হোৱা পৰিচয় পত্ৰৰ পৰা জানিব পৰা গৈছে। ছুইচাইড নোটত উক্ত লোকজনে তেওঁৰ সন্তান, পত্নী, মাতৃ আৰু বিৰাজ নামৰ এজন লোকক উদ্দেশ্যি তেওঁক ক্ষমা কৰি দিবলৈ অনুৰোধ জনাই জীৱনটো শেষ কৰিলে বুলি লিখা আছে।
ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা বৰ্তমানলৈকে যোৰহাট নগৰত উদ্ধাৰ হৈছে তিনিটাকৈ মৃতদেহ।
Tags:
National