মহানগৰীত ক্ৰিকেটৰ জ্বৰ! বতৰ বিজ্ঞানে দিলে বৰষুণক লৈ এনে বতৰা


 

দুৰ্গা পূজাৰ উৎসাহৰ লগতে গুৱাহাটী মহানগৰীত ক্ৰিকেটৰ জ্বৰ। আজি ভাৰত আৰু ছাউথ আফ্ৰিকা ক্ৰিকেট দলে গুৱাহাটীত পদাৰ্পণ কৰিছে। কিন্তু তাৰ মাজতে আহিছে এটা বিশেষ খবৰ।


বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানৰ আগজননী অনুসৰি, বে' অৱ বেংগল সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যত  বৰষুণৰ সম্ভাৱনা আছে। আজি ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণৰ লগতে বিজুলী ধেৰেকেনিৰ সম্ভাৱনা আছে।

ঠিক তেনেদৰে অসম–মেঘালয়ৰ লগতে চুবুৰীয়া ৰাজ্যত অহা ৩০ ছেপ্টেম্বৰৰ পৰা অহা ৩ অক্টোবৰলৈ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ যথেষ্ট সম্ভৱনা আছে। কিন্তু গুৱাহাটীৰ ক্ষেত্ৰত কিছু পৰিমাণে তাপমান হ্ৰাস পাব যদিও আকাশ ডাৱৰীয়া হৈ থকাৰ উপৰি বিজুলী ঢেৰেকনি থাকিব।

Post a Comment

Previous Post Next Post