Sonam Kapoorৰ শহুৰেকৰ পৰা ২৭ কোটি টকা লুটিলে Cyber Fraudএ !

 


বলীউডৰ অভিনেত্ৰী সোনম কাপুৰৰ শহুৰেকক ২৭ কোটি টকাৰ অধিক ধন চাইবাৰ প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহিছে। আৰক্ষীয়ে এই সন্দৰ্ভত দিল্লী, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু কৰ্ণাটকৰ পৰা ৯জন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, বলীউডৰ অভিনেত্ৰী সোনম কাপুৰৰ শহুৰ হৰিশ আহুজাক ফৰিদাবাদৰ শ্বাহি ৰপ্তানি কাৰখানাৰ পৰা ২৭.৬১ কোটি টকাৰ প্ৰতাৰণা কৰা হৈছে।


ফৰিদাবাদৰ আৰক্ষী উপায়ুক্ত নীতিশ আগৰৱালে কৈছে যে চাইবাৰ ঠগসকলে হৰিশ আহুজাৰ এটা ভুৱা কোম্পানী গঠন কৰিছিল আৰু কোটি কোটি টকা স্থানান্তৰ কৰিছিল। অভিযোগ পোৱাৰ পিছত, ফৰিদাবাদৰ চাইবাৰ আৰক্ষী থানাই ৯জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁ কয় যে অভিযোগ পোৱাৰ পিছত ফৰিদাবাদৰ আৰক্ষী থানাই বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

Post a Comment

Previous Post Next Post