ভাৰতৰ এটা ছুপাৰছনিক মিছাইল পাকিস্তানেত পৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। পাকিস্তানে অভিযোগ কৰে যে ভাৰতে দেশখনৰ বায়ুসীমাত অনধিকাৰ প্ৰবেশ কৰিছে। পাকিস্তানৰ সেনাৰ মেজৰ জেনেৰেল বাবৰ ইফটিকাৰে এক সংবাদমেলত অভিযোগ কৰিছিল যে ভাৰতৰ এটা ছুপাৰছনিক মিছাইল পাকিস্তানৰ ১২৪ কিলোমিটাৰ ভিতৰত পৰিছিল। এই ঘটনা সংঘটিত হৈছিল বুধবাৰে।
মিছাইলটো পাকিস্তানৰ খানেৱাল জিলাৰ মিয়া চান্নু এলেকাত পৰিছিল। এই ঘটনাৰ পিছতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বায়ু সীমা উলংঘাৰ অভিযোগ উত্থাপন কৰে। ইমানেই নহয়, ঘটনাক লৈ পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্তকো তলৱ কৰে পাক চৰকাৰে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে ভাৰত চৰকাৰে শেহতীয়াকৈ স্পষ্টীকৰণ জাৰি কৰিছে।
ভাৰত চৰকাৰে স্পষ্টকৈ জনাইছে যে কাৰিকৰী বিজুতীৰ বাবেই মিছাইলটো ফায়াৰ হৈছিল। ঘটনাক লৈ কোৰ্ট অ এনকোৱাৰীৰো আদেশ দিয়া হৈছে। ৯ মাৰ্চত ৰুটিন চেকআপৰ সময়ত টেকনিকেল বিজুটিৰ ফলত এই ঘটনা হৈছিল। সৌভাগ্যক্ৰমে এই মিছআইল ফাইৰিঙত কোনো লোক বা সম্পদৰ ক্ষতি হোৱা নাই।