চাঞ্চল্যকৰ ঘটনা, শোৱাপাটিতে উদ্ধাৰ যান-বাহন আৰক্ষী বিপ্লৱৰ মৃতদেহ

 


গুৱাহাটী মহানগৰীৰ ভঙাগড় থানাত এক চাঞ্চল্যকৰ ঘটনা ৰুজু হৈছে। শোৱাপাটীতে উদ্ধাৰ হৈছে যান-বাহন আৰক্ষীৰ মৃতদেহ।

মহানগৰ যান-বাহন আৰক্ষীৰ মৃত্যু হোৱা বিষয়াগৰাকী হৈছে বিপ্লৱ সিনহা। যান-বাহন নিয়ন্ত্ৰণ শাখাৰ জােৱান আছিল সিনহা।

১০ মাৰ্চ বৃহস্পতিবাৰে কৰ্তব্য সম্পন্ন কৰি ঘৰলৈ গৈ শুই পৰিছিল বিপ্লৱ। কিন্তু শুকুৰবাৰে পুৱা শোৱাপাটিতে মৃত অৱস্থাত উদ্ধাৰ হয় বিপ্লৱৰ মৃতদেহ।

জােৱানজনৰ ঘৰ গােৱালপাৰা জিলাত বুলি জানিব পৰা গৈছে। কৰ্মসূত্ৰে গুৱাহাটীৰ বেৰেকট বাস কৰে।

ঘটনাৰ পাছতে ভঙাগড় আৰক্ষীক খবৰ কৰা হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পৰীক্ষাৰ পিছতহে ওলাব মৃত্যুৰ আঁৰৰ ৰহস্য।

Post a Comment

Previous Post Next Post