গোলাঘাটত নিজ নাবালিকা কন্যাক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে এগৰাকী পিতৃক। লগতে পাঁচ হাজাৰ টকাৰ জৰিমনাও বিহিছে আদালতে।
আজি গোলাঘাট জিলা সত্ৰ ও বিশেষ ন্যায়ালয়ৰ ন্যায়াধীশ এম এছ বৰভূঞাৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে।
বি হাজৰিকা নামৰ এজন পাষণ্ড লোকে নিজ নাবালিকা কন্যাক যৌন নিৰ্যাতন চলাই অন্তঃসত্বা কৰিছিল।
২০২০ চনৰ ডিচেম্বৰ মাহত গোলাঘাট থানাত ৰুজু হোৱা এক গোচৰৰ শুনানিত আজি আদালতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
Tags:
National