ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ শ্ৰীলংকাস্থিত সহায়ক কোম্পানীয়ে শ্ৰীলংকাৰ টকাৰ অৱমূল্যায়নৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্য বৃদ্ধি কৰিছে। বৰ্ধিত মূল্য শুকুৰবাৰৰ পৰা কাৰ্যকৰী হৈছে। অৰ্থাৎ শ্ৰীলংকাত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আজিৰ পৰা যথেষ্ট বৃদ্ধি পাইছে। এমাহত এয়া তৃতীয়বাৰৰ বাবে কোম্পানীটোৱে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে।
লংকা ইণ্ডিয়ান অইল কোম্পানীয়ে কৈছিল যে, ডিজেলৰ খুচুৰা মূল্য প্ৰতি লিটাৰত ৭৫ টকা আৰু পেট্ৰ'লৰ খুচুৰা মূল্য প্ৰতি লিটাৰত ৫০ টকা বৃদ্ধি কৰা হৈছে। এতিয়া দেশখনত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ২৫৪ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২১৪ টকা হৈছেগৈ। ইয়াৰ প্ৰভাৱ সাধাৰণ লোকৰ ক্ষেত্ৰত বহু পৰিমাণে পৰিছে।
শ্ৰীলংকাত গেছ আৰু তেলৰ দাম বঢ়াৰ কাৰণঃ
এলআইঅ'চিৰ পৰিচালনা সঞ্চালক মনোজ গুপ্তাই কৈছে যে, শ্ৰীলংকাৰ টকাৰ মূল্য সাত দিনৰ ভিতৰত আমেৰিকান ডলাৰৰ বিপৰীতে ৫৭ টকা হ্ৰাস পাইছে। তেল আৰু গেছ'লিন সামগ্ৰীৰ মূল্যৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ পিছত, পশ্চিমীয়া দেশবোৰে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে, যাৰ ফলত তেল আৰু গেছৰ মূল্যও বৃদ্ধি পাইছে।