প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মাতৃ হীৰাবেন মোদীক লগ কৰিবলৈ গান্ধীনগৰৰ ঘৰলৈ গৈছিল। চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়ৰ পিছতেই মোদীৰ প্ৰথমটো গুজৰাট ভ্ৰমণ। মাতৃৰ দেখা কৰি আশীৰ্বাদো লয়। লগতে একেলগে আহাৰো গ্ৰহণ কৰে।
১০ মাৰ্চ ২০২২ত পুৱাৰ পৰাই পৰিষ্কাৰ হৈছিল যে, উত্তৰপ্ৰদেশ, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডত পুনৰ চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে বিজেপি। বিশাল জয়ৰ পিছদিনাই মাতৃৰ কাষত উপস্থিত হল প্ৰধানমন্ত্ৰী মোদী।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশ প্ৰতিখন গাঁৱক স্বনিৰ্ভৰ কৰাৰ আহ্বান জনাইছিল।গাঁৱৰ উন্নতিত যাতে কোনো বাধা নাহে, তাৰ বাবে বিশেষ ব্যৱস্থাগ্ৰহণৰো পোষকতা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
মোদীয়ে জনাইছে যে, গুজৰাট গান্ধী জী আৰু চৰ্দাৰ বল্লৱ ভাই পেটেলৰ ভূমি। গান্ধীজীয়ে সদায় গাঁৱৰ বিকাশ আৰু স্বনিৰ্ভৰ কৰিবলৈ জোৰ দি আহিছে। আৰু আজি স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত গান্ধীজীৰ গ্ৰামীণ বিকাশৰ স্বপ্নপূৰণৰ সময় আহিছে। এতিয়া এই সপোন পূৰণ আমি কৰিব লাগিব বুলি জনাই প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে জনাইছে যে, গাঁৱক শক্তিশালী কৰিবলৈ হ'লে পঞ্চায়ত ব্যৱস্থা মজবুত আৰু শক্তিশালী কৰিব লাগিব।