হোলীৰ আনন্দৰ মাজত আজি মানকাচাৰৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ এখন বাহন দুর্ঘটনাগ্ৰস্ত হোৱাত দুজন জোৱান নিহত হয়।
জোৱানসকলে সীমান্তত পেট্ৰলিং কৰি আছিল। তেনে সময়ত দিনৰ প্ৰায় ১২ বজাত বি এছ এফৰ জিপচি বাহনখন সীমান্তৰ ঝাওডাংগা এলেকাত দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত গাড়ীখনত চালকসহ পাঁচজন জোৱান আছিল।
জানিব পৰা মতে, বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন বিলত পৰি যায়। লগে লগে তিনিজন জোৱান সুৰক্ষিতভাৱে ওলাই আহে যদিও দুজন জোৱান আৱদ্ধ হৈ পৰে।
লগে লগে বি এছ এফৰ শীৰ্ষ বিষয়া, আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ দল, এছ ডি আৰ এফ বাহিনী, স্থানীয় ৰাইজ ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ৰাইজৰ সহযোগত বি এছ এফে ট্ৰেক্টৰ আৰু জেচিপিৰ দ্বাৰা বি এছ এফৰ বাহনখন খালৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ পাছত স্থানীয় ডুবাৰুয়ে নোখোজ হৈ থকা দুই জোৱানৰ মৃতদেহ বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে।
বিয়লি প্ৰায় ৩ বজাত ধৰ্মেন্দৰ নামৰ বি এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আন এজন জোৱানক উদ্ধাৰৰ বাবে এতিয়াও উদ্ধাৰ অভিযান চলি আছে।
