শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘৰ দ্বাৰা সাহায্যপ্ৰাপ্ত বিশ্বৰ সুখী ৰাষ্ট্ৰৰ তালিকা প্ৰকাশ পাইছে।
বিশ্বৰ মুঠ ১৪৬ খন দেশক সামৰি এই সুখী ৰাষ্ট্ৰৰ তালিকা প্ৰকাশ কৰি উলিওৱা হৈছে।
প্ৰকাশিত সুখী ৰাষ্ট্ৰৰ তালিকা অনুসৰি ফিনলেণ্ডে শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
ইপিনে, সুখী ৰাষ্ট্ৰৰ তালিকাৰ একেবাৰে অন্তিম স্থানত আছে আফগানিস্তান।
ভাৰতে সুখী ৰাষ্ট্ৰৰ তালিকাত ১৪৬ খন দেশৰ ভিতৰতত ১৩৬ সংখ্য স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।
শেহতীয়াভাৱে প্ৰকাশিত তালিকা অনুসৰি বিশ্বৰ শীৰ্ষৰ দহখন সুখী ৰাষ্ট্ৰ হৈছে- ফিনলেণ্ড, ডেনমাৰ্ক, আইলেণ্ড, চুইজাৰলেণ্ড, নেডাৰলেণ্ড, লুক্সেমবাৰ্গ, চুইডেন, নৰ’ৱে, ইজৰাইল, নিউজিলেণ্ড।
বিশ্বৰ প্ৰভাৱশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই সুখী ৰাষ্ট্ৰৰ তালিকাত ১৬ সংখ্যক স্থানত আছে।
