শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

 


ইউৰোপৰ বহু প্ৰাক্তন আৰু বৰ্তমানৰ ৰাজনৈতিকে নৰ’ৱেৰ ন’বেল কমিটিক সম্বোধন কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ নাম ২০২২ বৰ্ষৰ শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰাৰ কাৰণে আহ্বান জনাইছে।

জেলেনস্কিৰ নাম শান্তিৰ ন’বেল বঁটাৰ কাৰণে মনোনীত কৰাৰ বাবে দাবী জনোৱাৰ পাছতে ২০২২ বৰ্ষৰ ন’বেল বঁটাৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ নাম শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰাৰ বাবে আহ্বান জনোৱাৰ পাছতে ইণ্টাৰনেটত  শান্তিৰ ন’বেল বঁটাই ট্ৰেণ্ডিং লাভ কৰিছে।

উল্লেখযোগ্য যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি বিশ্বজুৰি চৰ্চিত ব্যক্তি হিচাপে পৰিগণিত হৈছে।

দেশৰ সেনা বাহিনী আৰু সাধাৰণ নাগৰিক সকলক উদ্বুদ্ধ কৰি জেলেনস্কিয়ে মহাশক্তিধৰ ৰাছিয়াৰ বিৰুদ্ধে তৃতীয় সপ্তাহৰ বাবে নিজৰ প্ৰতিৰোধ অব্যাহত ৰাখিছে।

এই সময়ছোৱাৰ ভিতৰত জেলেনস্কিয়ে য়ুনাইটেড কিংদমৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউচ অফ কংগ্ৰেছকো সম্বোধন কৰিছে।

Post a Comment

Previous Post Next Post