কাশ্মীৰ ফাইলছত বহু মিছা কথা তুলি ধৰা হৈছে বুলি তথ্য দাঙি ধৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰীয়ে

 


দেশজুৰি চৰ্চিত কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনত বহু মিছা কথা দেখুওৱা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে কাশ্মীৰৰ ৰাজনৈতিক দল নেশ্যনেল কনফাৰেন্সৰ কাৰ্য্যকৰী সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাই।

দক্ষিণ কাশ্মীৰৰ কুলগামত এক ৰাজনৈতিক সমাৰোহৰ সময়ত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাই মত প্ৰকাশ কৰি কাশ্মীৰ ফাইলছত বহু মিছা কথা দেখুওৱা হৈছে বুলি কয়।

কাশ্মীৰ ফাইলছ এখন ডকুমেণ্টৰী নে চলচ্চিত্ৰ সেই কথাও স্পষ্ট হোৱা নাই বুলি ওমৰ আব্দুল্লাই লগতে কয়।

“চলচ্চিত্ৰখনৰ নিৰ্মাতাই চলচ্চিত্ৰখন সঁচা কাহিনীৰ আধাৰত নিৰ্মিত বুলি উল্লেখ কৰিছে যদিও চলচ্চিত্ৰখনত বহু মিছা কথা তুলি ধৰা হৈছে। ১৯৯০ চনত জম্মু-কাশ্মীৰত ৰাজ্যপালৰ শাসনহে চলি আছিল নেশ্যনেল কনফাৰেন্সৰ চৰকাৰ নাছিল, যেতিয়া কাশ্মীৰী পণ্ডিত সকলে কাশ্মীৰ এৰি গৈছিল। কেন্দ্ৰত বিজেপিৰ সমৰ্থিক চৰকাৰ আছিল,” ওমৰ আব্দুল্লাই তথ্য দাঙি ধৰি এইদৰে কয়।

সেই সময়ত একমাত্ৰ কাশ্মীৰী পণ্ডিত সকলকে হত্যা কৰা হোৱা নাছিল অথবা তেওঁলোকেই কাশ্মীৰ এৰি যোৱা নাছিল, কাশ্মীৰী পণ্ডিত সকলৰ উপৰিও শিখ আৰু বহু মুছলমানো সেই সময়ত হত্যাৰ বলি হৈছিল অথবা ঘৰ এৰি যাবলগীয়া হৈছিল বুলিও ওমৰ আব্দুল্লাই লগতে কয়।

Post a Comment

Previous Post Next Post