অসমৰ খালী হৈ থকা দুখন ৰাজ্যসভাৰ আসনৰ এখনৰ বাবে আজি বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।
বিজেপিয়ে দলীয় নেতা পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যসভাৰ বিজেপি আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
৩১ মাৰ্চত অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
বিজেপিয়ে এখন আসনৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে হৈছে যদিও আনখন আসনৰ বাবে এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নায়।
বিজেপিয়ে ৰাজ্যসভাৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেও কংগ্ৰেছ আৰু মিত্ৰজোঁটে এতিয়াও ৰাজ্যসভাৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নায়।
উল্লেখযোগ্য যে, পবিত্ৰ মাৰ্ঘেৰিটা যদিহে বিজেপিৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় তেন্তে পবিত্ৰ মাৰ্ঘেৰিটা অসমৰ সৰ্বকনিষ্ঠ সাংসদ হিচাপে পৰিগণিত হ’ব পাৰে।
