গোৰখপুৰ চিৰিয়াখানাত অসমৰ গঁড়ক কল খুৱাই আদৰণি মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ

 


উত্তৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে গোৰখপুৰত থকা চাহিদ আছফাক উল্লাহ খান জুলোজিকেল পাৰ্ক ভ্ৰমণ কৰি অসমৰ পৰা নিয়া দুটা গঁড়ক আদৰণি জনায়।

হৰ আৰু গৌৰী নামৰ অসমৰ এশিঙিয়া গঁড় দুটাক অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গোৰখপুৰৰ চিৰিয়াখানালৈ লৈ যোৱা হৈছিল।

যোগী আদিত্যনাথে অসমৰ পৰা নিয়া গঁড় দুটাৰ সৈতে প্ৰায় আধা ঘণ্টা সময় অতিবাহিত কৰে আৰু কল খুৱায়।

গোৰখপুৰ চিৰিয়াখানা কৰ্তৃপক্ষই সদৰী কৰা মতে, বুধবাৰে সন্ধিয়া অসমৰ পৰা লৈ যোৱা গঁড় দুটা গোৰখপুৰ চিৰিয়াখানাত উপস্থিত হয়।

উত্তৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে অসমৰ পৰা লাভ কৰা গঁড় দুটাক হোলীৰ উপহাৰ হিচাপে উল্লেখ কৰে।

মুখ্য মন্ত্ৰী আদিত্যনাথে চিৰিয়াখানাখনত অসমৰ গঁড় দুটা মুখ্য আকৰ্ষণ হৈ পৰিব বুলিও লগতে সদৰী কৰে।

উল্লেখযোগ্য যে, অলপতে অনুষ্ঠিত হোৱা উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল।

Post a Comment

Previous Post Next Post