হোলীৰ আনন্দৰ মাজতে ৰূপহীহাটত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু এজনৰ

ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে আজি ৰূপহীহাটৰ হাতীপাৰাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

ৰূপহীহাটৰ হাতীপাৰাত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাটোত এজন বাইক আৰোহীৰ থিতাতে মৃত্যু হয়।

এখন টিভিএছ স্পোৰ্টছ বাইকত অহা আৰোহীজনে তীব্ৰবেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা পকী ঘৰত নিজে খুন্দা মৰাৰ পাছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পৰৱৰ্তী সময়ত অত্যাধিক ৰক্তক্ষৰণৰ ফলত ঘটনাস্থলীতে মৃত্যু হয়।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা যুৱকজন ৰূপহীহাটৰ গেৰুৱাটি গাঁৱৰ গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে।

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাইকখন উদ্ধাৰ কৰাৰ লগতে গুলজাৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Post a Comment

Previous Post Next Post