ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি মন্তব্য কৰা এগৰাকী ৰাছিয়ান মডেলৰ মৃতদেহ এটা চুইটকেছৰ ভিতৰত উদ্ধাৰ হয়।
মৃত্যু হোৱা ৰাছিয়ান মডেল গৰাকীৰ নাম গ্ৰেটা ভেদলাৰ। পুটিন সম্পৰ্কে সামাজিক মাধ্যমত মন্তব্য কৰা ২৩ বৰ্ষীয় ৰাছিয়ান মডেল গৰাকী এবছৰ পূৰ্বৰ পৰা সন্ধানহীন হৈ আছিল।
ৰাছিয়ান মডেল গৰাকীৰ মৃত্যুৰ পাছত মডেল গৰাকীৰ প্ৰেমিক দিমিত্ৰি কোৰোভিনে গ্ৰেটা ভেদলাৰক ডিঙি চেপি হত্যা কৰা বুলি স্বীকাৰ কৰে।
দিমিত্ৰি কোৰোভিনে অৱশ্যে ধনৰ বাবে হোৱা মতানৈক্যৰ বাবেহে গ্ৰেটাক হত্যা কৰিছিল বুলি উল্লেখ কৰি উক্ত হত্যাকাণ্ডৰ সৈতে কোনোধৰণৰ ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ নাই বুলি কয়।
মস্কোৰ এখন হোটেলত মডেল গৰাকীক হত্যা কৰাৰ পূৰ্বে প্ৰেমিক কোৰোভিনে মডেল গৰাকীৰ সৈতে তিনি নিশা কটাইছিল আৰু মডেল গৰাকীক হত্যা কৰাৰ পাছত মডেল গৰাকীৰ মৃতদেহ এটা নতুন চুইটকেছত ভৰাই ৫০০ কিলোমিটাৰ দুৰলৈ লৈ গৈছিল।
ৰাছিয়ান আৰক্ষীৰ আগত দিমিত্ৰি কোৰোভিনে কেনেদৰে গ্ৰেটা ভেদলাৰক হত্যা কৰিছিল সেই কথা প্ৰকাশ কৰে।
আৰক্ষীয়ে দিমিত্ৰিৰ ভাষ্য অনুসৰি মডেল গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে।
২০২১ চনৰ জানুৱাৰী মাহত অৰ্থা গ্ৰেটা ভেদলাৰক হত্যা কৰাৰ পূৰ্বে গ্ৰেটাই ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনক মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্ত বুলি আখ্যা দিছিল।
