ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত ভাৰতত এইবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব

 


ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিৰ ওপৰত পৰা দেখা গৈছে।

ভাৰততো ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰভাৱ পৰিছে যাৰফলত কিছু নিৰ্দিষ্ট সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব ভাৰতীয় বজাৰত।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত ভাৰতত খোৱা তেল, খাদ্য শস্য, মাকৈৰ মূল্য বৃদ্ধি হ’ব।

ইয়াৰ উপৰিও নিকেল, প্লেটিনাম, সোণ আদিৰ দৰে ধাঁতুৰো মূল্য বৃদ্ধি হ’ব।

নিকেল, প্লেটিনাম, সোণ আদিৰ দৰে ধাঁতুৰ ৰাছিয়া বৃহৎ ৰপ্তানিকৰ্তা। ৰাছিয়াৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ৰাছিয়াৰ এই সামগ্ৰী সমূহ বিশ্ব বজাৰলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব।

ইপিনে, মাকৈ, ঘেঁহু, খোৱা খাদ্য বিশেষকৈ সঁৰিয়হৰ তেল, সুৰুজমুখী তেল আদি বিশ্ব বজাৰত ইউক্ৰেইনে ৰপ্তানি কৰি আহিছিল কিন্তু যুদ্ধৰ ফলত ইউক্ৰেইনৰ খেতিয়ক সকলে নতুনকৈ খেতি কৰিব পৰা নাই যাৰফলত বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰতৰ বজাৰতো এইসমূহ খাদ্যৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Post a Comment

Previous Post Next Post