কাইলৈ ঘোষণা হ'ব উত্তৰ প্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল


কাইলৈ ঘোষণা হ'ব উত্তৰপ্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। এই নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে বহুখিনি দিশ নিৰ্ণয় কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে।


পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব আটাইকেইখন ৰাজ্যৰে ভোট গণনা।
সম্পূৰ্ণ কোভিড প্ৰটকল মানি চলি ভোটগ্ৰহণ কেন্দ্ৰত চলিব ভোটগণনা।

এইবাৰ সকলোৰে চকু উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত। কাৰণ ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল বহুখিনি নিৰ্ভৰ কৰে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ওপৰত। এনেদৰে দাবী কৰিব বিচাৰে ৰাজনৈতিক বিশ্লেষকে।

Post a Comment

Previous Post Next Post