মাজুলীত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে বিজেপিৰ ভূবন গাম


আজিৰ দিনটোত উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ লগতে অসমৰো মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে।

ৰাতিপুৱা আঠ বজাৰ পৰা চলি থকা ভোটগণনাত বিজেপিৰ প্ৰাৰ্থী ভূবন গামে চিত্তৰঞ্জন বসুমতাৰীতকৈ প্ৰায় ১৬,৮৩৩ টা ভোটত আগবাঢ়ি আছে।

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভূবন গামে এতিয়ালৈকে ২৭,০০৬ টা ভোট আৰু চিত্তৰঞ্জন বসুমতাৰীয়ে ১০,১৭৩ টা ভোট লাভ কৰিছে।

আনহাতে এছ ইউ চি আই (চি)ৰ প্ৰাৰ্থী ভাইটি ৰিচঙে এতিয়ালৈকে ৬৯৮ টা ভোট লাভ কৰি তৃতীয় স্থানত আছে।

উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত ৬৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

স্মৰ্তব্য যে, যোৱা বছৰ সম্প্ৰসাৰিত হোৱা মোদী কেবিনেটত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাৰ পিছৰে পৰা মাজুলী আসনখন খালী হৈ আছিল।

মাজুলীৰ উপ-নিৰ্বাচন যোৱা বছৰতে অনুষ্ঠিত হ’বলগীয়া আছিল যদিও সৰ্বানন্দ সোণোৱালে পদত্যাগ নকৰাৰ বাবেই মাজুলী সমষ্টিক বাদ দি বাকী পাঁচটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল।

Post a Comment

Previous Post Next Post