বিগত কিছু বছৰৰ পৰা নিৰন্তৰভাৱে হাতাশাজনক প্ৰদৰ্শন আগবঢ়াই অহা কংগ্ৰেছৰ ভৱিষ্যত এতিয়া সংকটত। এখনৰ পিছত আন এখন গুৰুত্বপূৰ্ণ ৰাজ্যত শাসনভাৰ হেৰুৱাবলৈ ধৰিছে কংগ্ৰেছে।
ক্ষমতাত পুনৰ অধিষ্ঠিত হোৱাটো দূৰৰে কথা এতিয়া দলটোৰ অৱস্থা এনেকুৱা হৈ পৰিছে যে বহু ৰাজ্যত বিৰোধীৰ আসনৰ পৰাও আঁতৰত থাকিব লগা হৈছে বা থাকিব।
আজি দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যত চলি আছে ভোটগণনা। পাঁচোখন ৰাজ্যতে কংগ্ৰেছ দলে শোচনীয় পৰাজয়ৰ দিশে আগবাঢ়িছে।
উত্তৰ প্ৰদেশক বাদ দি কংগ্ৰেছ দলে মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডত কিছু পৰিমানে শাসকীয় দলক শলঠেকত পেলাব বুলি ধাৰণা কৰা হৈছিল যদিও বাস্তৱত সেয়া হৈ নুঠিল।
ইয়াৰ উপৰি পঞ্জাৱত শাসনভাৰ দখল কৰি থকাৰ পিছতো কংগ্ৰেছে আম আদমী পাৰ্টিৰ হাতত বৃহত ব্যৱধানত পৰাস্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে।
উল্লেখ্য যে মণিপুৰত কংগ্ৰেছ দলে বিজেপিক প্ৰত্যাহ্বান জনাব বুলি ৰাজনৈতিক সমালোচক সকলে মন্তব্য কৰিছিল। কিন্তু শেহতীয়াকৈ অহা ফলাফলত এয়া স্পষ্ট হৈ পৰিছে যে দলটোৱে বিৰোধীৰ আসনতো বহিবলৈ সক্ষম নহ’ব।
মণিপুৰত ৬০ খন বিধানসভা আসনৰ ভিতৰত বিজেপি ২৮ খনতকৈও অধিক আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৯ খন আসনতহে অগ্ৰগতি লৈ আছে।
আনহাতে নেশ্যনেল পিপলছ পাৰ্টি চমুকৈ এন পি পিয়েও ৯খন আসনত আগবাঢ়ি আছে।
এই পৰিসংখ্যাৰ পৰা এইটো স্পষ্ট হৈছে যে মণিপুৰত মুখ্য বিৰোধী দলৰ ভূমিকা হেৰুৱাব কংগ্ৰেছে।
নিৰ্বাচনৰ এনে ফলাফলৰ পিছত এতিয়া কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বানটো হ’ল দলটোক কেনেদৰে পুনৰুজ্জীৱিত কৰিব।
মণিপুৰত ভোটৰ শতাংশৰ বিষয়ে ক’লে, ই কংগ্ৰেছ দলৰ বাবে আৰু অত্যন্ত হতাশাজনক। বিজেপিৰ তুলনাত কংগ্ৰেছৰ ভোটৰ ব্যৱধান প্ৰায় আধা।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বিজেপিয়ে ৩৭.৩১ শতাংশ ভোট লাভ কৰিছে আনহাতে কংগ্ৰেছে মাত্ৰ ১৬.৫৫ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে এন পি পিয়ে ১৬.২৭ শতাংশ ভোট লাভ কৰিছে।
সেয়ে এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছে কেৱল আসন হেৰুওৱাই নহয়, ভোটাৰসকলেও দলটোক আস্থাত লোৱাৰ পৰা দূৰত অৱস্থান আছে।