অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ বাবে আজিৰ দিনটো ঐতিহাসিক । কিয়নো দলটোৱে দিল্লীৰ পিছত দেশৰ দ্বিতীয়খন ৰাজ্যত শাসনভাৰ দখলৰ দিশে অগ্ৰসৰ হৈছে।
আজি পাঁচখন ৰাজ্যত চলি আছে ভোটগণনা।
এই পাঁচখন ৰাজ্যৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় ফলাফল আহিছে পঞ্জাৱৰ পৰা। কিয়নো এই পৰ্যন্ত আম আদমী পাৰ্টি শাসকীয় কংগ্ৰেছ দলৰ লগতে বিজেপি আৰু আন দল সমূহতকৈ বৃহৎ ব্যৱধানত আগবাঢ়িছে।
১১৭ খন আসনত হোৱা নিৰ্বাচনত আপে এতিয়ালৈকে ৮৯ খন আসনত আগবাঢ়ি আছে। ইফালে শাসকীয় দল কংগ্ৰেছে মাত্ৰ ১৩ খন, বিজেপি ৫ আৰু আকালী দলে ৯ খন আসনত আগবাঢ়ি আছে।
পঞ্জাৱৰ পৰা লাভ কৰা তথ্য অনুসৰি কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি নৱজোৎ সিং সিদ্ধু, শিৰোমণি আকালী দলৰ বিক্ৰম মাজাঠিয়া, পঞ্জাৱ লোক কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙো পিছ পৰি আছে।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি চৰণজিৎ সিং চান্নীও চামকৌৰ চাহিব সমষ্টিত পিছ পৰি আছে।