আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা! উত্তৰপ্ৰদেশ, মণিপুৰসহ ৫ ৰাজ্যত কোনে মাৰিব শেষ হাঁহি?


মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী। আজি ঘোষণা হ'ব উত্তৰপ্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। এই নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে বহুখিনি দিশ নিৰ্ণয় কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে।


পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব আটাইকেইখন ৰাজ্যৰে ভোট গণনা। আৰু প্ৰথম দুঘণ্টামানৰ ভিতৰতে নিশ্চয়কৈ এখন ছবি স্পষ্ট হৈ পৰিব। প্ৰথমে বেলট পেপাৰৰ জৰিয়তে সম্পন্ন হোৱা ভোট গণনা কৰা হ'ব। তাৰ পিছতে EVMৰ ভোট গণনা কৰা হ'ব।

ইতিমধ্যে বিভিন্ন এজেন্সীয়ে প্ৰকাশ কৰা Exit Poll অনুসৰি পাঁচখন ৰাজ্যৰ ভিতৰত ৪ খনতে বিজেপি চৰকাৰ হোৱাৰ ইংগিত দিছে। সেইদৰে পঞ্জাৱত প্ৰথমবাৰলৈ আম আদমী পাৰ্টীৰ চৰকাৰ হব বুলি দাবী কৰিছে এক্সিট পুল প্ৰকাশ কৰা এজেন্সীসমূহে।

উল্লেখ্য যে, এইবাৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফললৈ সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে। কাৰণ উত্তৰপ্ৰদেশৰ ফলাফলে দেশ সাধাৰণ নিৰ্বাচনৰো দিশ নিৰ্ণয় কৰে বুলি বহুতে ক'ব খোজে।

Post a Comment

Previous Post Next Post