মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ জয়লাভ, বিজেপি ২১খনত আগবঢ়াৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়িছে মাত্ৰ ৫খন আসনত


আজি ঘোষণা কৰা হৈছে মণিপুৰসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ৬০ খন আসনযুক্ত মণিপুৰত এই মুহূৰ্তলৈকে এখন আসনত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ২১ খন আসনত আগবাঢ়ি আছে।


ইতিমধ্যে মণিপুৰৰ হেইগাং সমষ্টিৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হৈছে। সমষ্টিটোৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জয়লাভ কৰিছে।

ইফালে ৰাজ্যখনত এই মুহূৰ্তলৈকে কংগ্ৰেছে ৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে এনপিপিয়ে ৭খন আসন অগ্ৰগতি লাভ কৰিছে।

আনহাতে শেহতীয়া ট্ৰেণ্ড অনুসৰি উত্তৰপ্ৰদেশত বিজেপি মিত্ৰজোঁটে ২৬৬ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটে ১১৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে কংগ্ৰেছ আৰু বহুজন সমাজবাদী পাৰ্টীয়ে ৩খনকৈ আসনত আগবাঢ়ি আছে

পঞ্জাৱত ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী। ৰাজ্যখনত কংগ্ৰেছ দলক তীব্ৰ প্ৰত্যাহ্বান জনাই আম আদমী পাৰ্টীয়ে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে কংগ্ৰেছ দলে মাত্ৰ ১৫ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ঠিক সেইদৰে উত্তৰাখণ্ডত বিজেপি ৪৩ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়িছে মাত্ৰ ২১ খন আসনত।

গোৱাতো বিজেপিয়ে লৈছে অগ্ৰগতি। ২০ খন আসনত আগবাঢ়িছে বিজেপি। আনহাতে কংগ্ৰেছ এইমুহূৰ্তলৈকে আগবাঢ়ি আছে ১৩ খন আসনত। তৃণমূল কংগ্ৰেছে ২ খন আসনত অগ্ৰগতি লাভ কৰিছে।

Post a Comment

Previous Post Next Post