মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ; বিজেপিৰ প্ৰাৰ্থী ভূূবন গামৰ অগ্ৰগতি


মাজুলী বিধানসভা উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে ৰাতিপুৱা আঠ বজাৰ পৰা। আৰম্ভণিতে বেলট পেপাৰৰ গণনা আৰম্ভ কৰিছে আৰু ইয়াৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ’ব।

১৪ খন টেবুলত ১৪ টা ৰাউণ্ডত আজি মাজুলী উপ-নিৰ্বাচনৰ ভোট গণনা চলি আছে।

বিজেপি প্ৰাৰ্থী ভূৱন গাম, অসম জাতীয় পৰিষদৰ চিত্ত বসুমতাৰী আৰু এছ ইউ চি আই (চি)ৰ ভাইটি ৰিচঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

মূল প্ৰতিদ্বন্দ্বিতা বিজেপি আৰু এজেপিৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছে যদিও প্ৰাৰম্ভিক তথ্য অনুসৰি ভূৱন গামে চিত্ত বসুমতাৰীতকৈ প্ৰায় ২০০ ভোটত অগ্ৰগতি লাভ কৰি আছে।

উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত ৬৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

Post a Comment

Previous Post Next Post