পশ্চিম বংগৰ আছানছোলৰ জামুৰিয়াত ভয়াৱহ বিস্ফোৰণ। এই বিস্ফোৰণত আহত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় এটা পৰিয়ালৰে ৬ সদস্যক। এই ৬জনৰ ভিতৰত আছে ১০ বছৰীয়া এটি শিশু। আছানছোল জিলা হাস্পতালৰ সূত্ৰত প্ৰকাশ, হাস্পতালত ভৰ্তি হোৱাৰ পিছত শিশুটিৰ মৃত্যু হয়। আন দুজনৰ অৱস্থা সংকটজনক।
আছানছোলৰ জামুৰিয়া বাহাদুৰপুৰ গোৱালা পাৰাৰ বাসিন্দাসকলৰ অভিযোগ, গেছ বিস্ফোৰণত আহত লোকসকলে কোনো চিকিৎসা পোৱা নাই। এই অভিযোগ তুলি একাংশ লোকে হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে অৱৰোধ কৰে পথ।
স্থানীয় সূত্ৰে জনা গৈছে যে মঙলবাৰে সন্ধিয়া হঠাৎ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠে জামুৰিয়াৰ পাহাদুৰপুৰ গোৱালপাৰা অঞ্চল। ঘটনাস্থলীলৈ দৌৰি যায় স্থানীয় লোকসকল। স্থানীয় লোকে প্ৰত্যক্ষ কৰে যে এটা পকা ঘৰৰ একাংশ ভাঙি চূৰমাৰ হৈছে বিস্ফোৰণত। পৰিয়ালটোৰ ৬ সদস্যক উদ্ধাৰ কৰি স্থানীয় লোকে ভৰ্তি কৰায় হাস্পতালত।
আহত সদস্যই জনায়, তিনি কিলো ওজনৰ এটা গেছ চিলিণ্ডাৰত হঠাৎ জুই লাগি যায়। ঘৰৰ সকলোৱে বস্তা–কাপোৰ আদি ঢাকি, পানী ঢালি জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। তাৰ পিছতে চিলিণ্ডাৰটো বিস্ফোৰণ ঘটে। ভাঙি চূৰমাৰ হয় ঘৰৰ একাংশ। আহত হয় পৰিয়ালটোৰ সদস্যসকল।