নিৰ্বাচন আয়োগে আৰোপ কৰা কঠোৰ নিষেধাজ্ঞাৰ ফলস্বৰূপে ফেব্ৰুৱাৰী-মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ পৰা জব্দ কৰা হৈছে ৮৫ লাখ লিটাৰতকৈও অধিক সুৰা। যাৰ ভিতৰত মুঠ সুৰাৰ প্ৰায় ৭০ শতাংশ পঞ্জাবৰ পৰা জব্দ কৰা হৈছে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৫৭৫.৩৯ কোটি টকাৰ নিষিদ্ধ মাদক দ্ৰব্যও জব্দ কৰা হৈছিল। যি টকাৰ হিচাপত ভোটদানৰ সময়ত আটাইতকৈ ডাঙৰ বাজেয়াপ্ত কৰা ঘটনা। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত মুঠ জব্দৰ পৰিমাণ আছিল ১০৬১.৮৭ কোটি টকা।
নিৰ্বাচনৰ সময়ত নগদ ধন, সুৰা, ড্ৰাগছ, বিনামূলীয়া উপহাৰ আৰু মূল্যৱান ধাতুৰ বিনিময় পৰীক্ষা কৰিবলৈ নিৰ্বাচনী পেনেল ফ্লাইং স্কোয়াড তথা সতৰ্কতা ৰাখিবলৈ বিশেষ দল মোতায়েন কৰা হৈছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত পাঁচখন ৰাজ্যৰ নিৰ্বাচনী কৰ্তৃপক্ষই ২৯৯.৮৪ কোটি টকাৰ সামগ্ৰী জব্দ কৰিছিল। এইবাৰ সেই পৰিমাণ চাৰে তিনিগুণ বেছি।
৮ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰৰ পৰা মুঠ ৮৫,২৭,২২৭ লিটাৰ সুৰা জব্দ কৰা হৈছে। পঞ্জাবত ৩৬.৭৯ কোটি টকাৰ ৫৯,৬৫,৪৯৬ লিটাৰ সুৰা জব্দ কৰা হৈছে। উত্তৰ প্ৰদেশত ৬২.১৩ কোটি টকা, উত্তৰাখণ্ডত ৪.৭৯ কোটি টকা, গোৱাত ৩.৫৭ কোটি টকা আৰু মণিপুৰত ৭৩ লাখ টকাৰ ৭৪,৪৯৫ লিটাৰ সুৰা জব্দ কৰা হৈছে।