দৌল উৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা কামৰূপ, চিৰাং, হোজাই, তামুলপুৰ…

 


দৌল উৎসৱ উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত জিলা প্ৰশাসনৰ স্থানীয় বন্ধ ঘোষণা। কামৰূপ মহানগৰ, তামুলপুৰ, হোজাই, চিৰাং আদিত কাইলৈ ১৮ মাৰ্চৰ উপৰিও ১৯ মাৰ্চ তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰিছে ।

১৮ মাৰ্চ তাৰিখে চৰকাৰী বন্ধ হোৱাৰ লগতে ১৯ তাৰিখে স্থানীয় বন্ধ ৰাজ্যৰ কেইবাখনো জিলাত। ১৯ মাৰ্চ তাৰিখে স্থানীয় বন্ধৰ ঘোষণা নৱ গঠিত তামুলপুৰ জিলাতো।

দৌল উৎসৱ উপলক্ষে এই স্থানীয় বন্ধৰ ঘোষণা কৰিছে তামুলপুৰ জিলা প্ৰশাসনে। বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বেংক আদি। এই কথা জনালে নৱ গঠিত তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে।

হোজাই জিলাতো ১৯ মাৰ্চ তাৰিখে স্থানীয় বন্ধ ঘোষণা। হোজাই জিলা দণ্ডাধীশ শ্ৰী অনুপম চৌধুৰীয়ে এন আই এক্ট , ১৮৮১ৰ অধীনত সমগ্ৰ হোজাই জিলাতে প্ৰযোজ্য হোৱাকৈ অহা ১৯ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে।

সেইদিনা সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান , বেংক প্ৰতিষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে সেইদিনা অনুষ্ঠিত হ’বলগীয়া বিদ্যালয়, মহাবিদ্যালয়ৰ পৰীক্ষা সমুহ নিয়মিত ভাবে চলি থাকিব আৰু পৰীক্ষাৰ দায়িত্বত থকা বিষয়া ,কৰ্মচাৰী, শিক্ষক সকলৰ লগতে অত্যাৱশ্যকীয় সেৱা সমুহৰ ক্ষেত্ৰত এই স্থানীয় বন্ধ প্ৰযোজ্য নহ’ব।

চিৰাঙ জিলাতো ১৯ মাৰ্চত স্থানীয় বন্ধ । দৌল উৎসৱ উদযাপন উপলক্ষে চিৰাঙৰ উপায়ুক্ত শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহে ১৮৮১ ধাৰা ২৫ৰ অধীনত সমগ্ৰ চিৰাঙ জিলাতে প্ৰযোজ্য হোৱাকৈ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। কিন্তু পৰীক্ষা আদি অনুষ্ঠিত হব। দক্ষিণ শালমাৰা মানকাচৰ জিলাতো স্থানীয় বন্ধ ঘোষণা।

হোলী উপলক্ষে ১৯ মাৰ্চত বন্ধ থাকিব দক্ষিণ শালমাৰা মানকাচৰ জিলা। সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ঘোষণা ।হোলী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা বন্ধ ঘোষণা কৰে জিলা প্ৰশাসনৰ ফালৰ পৰা।

বিশ্বনাথ জিলা প্ৰশাসনৰো ১৯ মাৰ্চ শনিবাৰে স্থানীয় বন্ধৰ ঘোষণা কৰিছে। দিনটোত চৰকাৰী কাৰ্যালয় আদিৰ লগতে পাঠদান বন্ধ থাকিব। কিন্তু পৰীক্ষা আদি অনুষ্ঠিত হব।

Post a Comment

Previous Post Next Post