গেৰুকামুখ প্ৰকল্পত ভয়ংকৰ মাৰপিটৰ ঘটনা, দেহৰ অংগ কাটি প্ৰকল্পত পূজা…

 


গেৰুকামুখ প্ৰকল্পত ভয়ংকৰ মাৰপিটৰ ঘটনা, দেহৰ অংগ কাটি প্ৰকল্পত পূজা… গেৰুকামুখৰ NHPC (NATIONAL HYDROELECTRIC POWER CORPORATION LTD)ত ভয়ংকৰ পৰিস্থিতি।

শ্ৰমিকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো প্ৰহাৰ শ্ৰমিকৰ ।

দুজন শ্ৰমিকে দেহৰ অংগ কাটি পূজা কৰাক লৈ এই মাৰপিটৰ ঘটনাl আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ গাড়ী ভাঙিলে উত্তেজিত শ্ৰমিকে । উত্তেজিত শ্ৰমিকে জ্বলাই দিলে এটা কণ্টেইনাৰত থকা চিভিল অফিচো।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি ১৭ মাৰ্চৰ পুৱাই তিনিজন শ্ৰমিকে নিৰ্মাণ থলিত পূজা-পাতল কৰি থকা দেখা পায় আন কেইজনমান শ্ৰমিকে ৷

বিষয়টোক লৈ প্ৰশ্ন কৰাত পূজা কৰি থকা শ্ৰমিক কেইজনে নিৰ্মাণস্থানত নিয়োজিত আৰু ১৮৫ জন শ্ৰমিকৰ মৃত্যু হব বুলি ভৱিষ্যতবাণী কৰে ৷


ইয়াৰ পিচতে আন শ্ৰমিক সকলৰ মাজত পূজা-পাতল কৰি শ্ৰমিকক হত্যা কৰিব বিছাৰিছে বুলি এক ভূৱাবাতৰি প্ৰচাৰ কৰি দিয়াৰ লগে লগে উত্তেজিত হৈ পৰে অন্য শ্ৰমিক সকল ৷

সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি ললে পূজা-পাতল কৰা শ্ৰমিক কেইজনক ৷ প্ৰাণ ৰক্ষা কৰিবলৈ শ্ৰমিক তিনিজনৰ দুজন সোমাল কণ্টেইনাৰত থকা চিভিল কৰ্যালয়ৰ ভিতৰত আৰু এজনে দিলে নদীত জাপ ৷

উত্তেজিত শ্ৰমিক সকলে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ পৰিস্থিতি অধিক জটিল কৰি জুই লগাই দিয়ে কণ্টেইনাৰত ৷ ইয়াৰ পাছতে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষী আৰু সেই প্ৰকল্পৰ কামত নিয়োজিত CISF ৰ জোৱানক ৷

আক্ৰমণৰ লক্ষ্য হৈ পৰা শ্ৰমিক কেইজনৰ দুজনক জীৱন্তে উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈ সন্ধান পোৱা নাই নদীত জাঁপ দিয়া জনৰ। অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

Post a Comment

Previous Post Next Post