হৃদয়বিদাৰক দৃশ্য, পথাৰত উদ্ধাৰ বহু শগুণৰ মৃতদেহ। নিশা ছয়গাঁৱৰ মিলন পুৰৰ খেতি পথাৰত এই দৃশ্য দেখিবলৈ পোৱা গল।
শ শ ৰাইজে ভিৰ কৰিলে ঘটনাস্থলী। ছয়গাঁৱৰ মিলনপুৰত শগুণৰ অস্বাভাৱিক মৃত্য।
দক্ষিণ কামৰূপৰ ছয়গাওঁ মিলন পুৰত এই কৰুণ দৃশ্য। দৃশ্য দেখি পক্ষী প্ৰেমি সকলৰ হৃদয় কপি উঠিছে।
ছয়গাঁৱৰ মিলপুৰত দুষ্প্ৰাপ্য শগুনৰ অস্বাভাৱিক মৃত্যুকলৈ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চল।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি সন্ধিয়া স্থানীয় ৰাইজে খেতিপথাৰলৈ গৰু নিবলৈ আহি হঠাতে প্ৰত্যক্ষ কৰে মৃত শগুন সমূহ।
প্ৰায় ১০০ তকৈ অধিক শগুনৰ মৃত্যৰ পিছতে উদ্দিগ্ন হৈ পৰিছে অঞ্চলবাসী ৰাইজ ।বিষক্ৰিয়াৰ ফলতে এই অস্বাভাৱিক মৃত্যুৰ সন্দেহ স্থানীয় ৰাইজৰ ।
ঘটনাৰ বিষয়ে লগে লগে বন বিভাগক খবৰ কৰে সচেতন ৰাইজে। স্থানীয় ৰাইজে বন বিভাগক এই ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ দাবী জনায়।
