কোটি কোটি টকা আত্মসাৎ কৰা বিজেপি নেতাক বিচাৰি অসমত পশ্চিমবংগ আৰক্ষী

 


এগৰাকী মোষ্ট ৱাণ্টেড বিজেপি নেতাক বিচাৰি আৰক্ষীৰ তীব্ৰতৰ অভিযান। অৱশেষত আৰক্ষীৰ জালত পৰে কোটি কোটি টকা আত্মসাৎ কৰা বিজেপি নেতা।

আজি ১৭মাৰ্চ তাৰিখে বিজেপি নেতাক বিচাৰি গুৱাহাটীত পশ্চিমবংগ আৰক্ষীৰ অভিযান। কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে।

অৱশেষত আজি গুৱাহাটী মহিনগৰীৰ পৰা গ্ৰেপ্তাৰ বিজেপি নেতাগৰাকী। নাম ভাস্কৰ চক্ৰৱৰ্তী।

ভগদত্তপূৰ আৰক্ষীৰ সহযোগত পশ্চিমবংগ আৰক্ষীৰ অভিযান গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত । পশ্চিমবংগ আৰক্ষীৰ মষ্ট ৱানটেডৰ তালিকাত আছে বিজেপিৰ নেতা ভাস্কৰ চক্ৰৱৰ্তীৰ নাম।

কাহিলিপাৰাৰ কল্যাণী নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে চক্ৰৱৰ্তীক। কাইলৈ ১৮ মাৰ্চ তাৰিখে আদালতত হাজিৰ কৰাই পাছত পশ্চিমবংগ আৰক্ষীয়ে নিজৰ জিম্মাত লব প্ৰবঞ্চকটোক।

Post a Comment

Previous Post Next Post