ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় আৰু এটা বাঘৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰা গৈছে।
উদ্যানখনৰ অমূল্য বন শিবিৰ এলেকাত শনিবাৰে পুৱা বন কৰ্মীয়ে টহল দিয়া সময়ত গঁড় আৰু বাঘৰ অৰ্ধগলিত মৃতদেহ দুটা প্ৰত্যক্ষ কৰে।
বন কৰ্মীয়ে ঘটনাস্থলৰ পৰা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে বুলিও জানিবলৈ দিয়ে।
দৰং জিলা বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই জনোৱা অনুসৰি গঁড় আৰু বাঘৰ মৃতদেহ দুটা ওচৰা-ওচৰিকৈ পৰি আছিল।
মৃতদেহ উদ্ধাৰ হোৱা ঠাইৰ ঘাঁহ-বনখিনি নষ্ট হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি সংঘৰ্ষৰ ফলতেই বাঘ আৰু গঁড়ৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে বন বিভাগে।
উল্লেখ্য যে অহা ২০ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ এটা খৰ্গযুক্ত গঁড় গণনা কাৰ্যসূচীৰ বাবে বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বন বিভাগে চলাবলগীয়া এই গণনা কাৰ্যসূচীৰ সময়ত উদ্যানখনত পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে।