নিজেই নিজৰ ৰেকৰ্ড ভংগ কৰিলে বিশ্বৰ সবাতোকৈ দীঘল বাহনখনে, ছুইমিংপুল-হেলিপেড…

 


বিশ্বাভিলেখ, নিজেই নিজৰ ৰেকৰ্ড ভংগ কৰিলে বিশ্বৰ সবাতোকৈ দীঘল বাহনখনে, ছুইমিংপুল-হেলিপেড…

এখন এনে বাহন যি বাহন পদপথত চলা ট্ৰেইন বুলিলেও ভুল কোৱা নহব। এই বাহন খনৰ ভিতৰত আছে ৰেষ্টুৰেণ্ট, ছুইমিং পুল, হেলিপেড, গোল্ফ কোৰ্চ আদি সকলো।

বাহন খনৰ দৈৰ্ঘ্য ১০০ ফুট তথা ৩০.৫৪ মিটাৰ । ১৯৮৬ চনত নিজেই গঢ়া বিশ্ব ৰেকৰ্ড ভংগ কৰি পুনৰ আন এক নতুন দৈৰ্ঘ্যৰে ৱৰ্ল্ড ৰেকৰ্ড গঢ়ে।

পূৰ্বৰ দৈৰ্ঘ্যত কৈ কেইবা মিটাৰ বৃদ্ধি কৰি ১ মাৰ্চ তাৰিখে পুনৰ নতুন কৈ মুকলি কৰা হয় বাহন খন।

‘দি আমেৰিকান ড্ৰিম’ নামৰ এই বাহন খন যেন আমেৰিকাৰ এক গৌৰৱ হে। ৰাজ পথেৰে গলে এই বাহন খন ঘুৰি ঘুৰি নোচোৱা মানুহ নথকা বাহন খনে বৰ্তমানে আৰু অধিক আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰিছে।

বিশ্বৰ সবাতোকৈ দীঘল বাহনৰ অভিলেখ থকা এই বাহনখনত মুঠ চকাৰ সংখ্যা ২৬ যোৰ, লগতে দুটা V8 ইঞ্জিন। সাধাৰণ বাহনৰ দৈৰ্ঘতা থাকে ১২ ৰ পৰা ১৬ ফুট, তেনে ক্ষেত্ৰত এই বাহন খন ১০০ ফুট দৈৰ্ঘৰ।

১৯৮৬ চনত কেলিফৰ্ণিয়াৰ জয় অহৰবাৰ্গে নিৰ্মাণ কৰিছিল বাহন খন। সেই সময়ত বাহন খনৰ দৈৰ্ঘ আছিল ৬০ ফুট।

বৰ্তমানৰ বাহন খনত ৰেষ্টুৰেণ্ট, ছুইমিং পুল, হেলিপেড, গোল্ফ কোৰ্চ আদিৰ লগতে ফ্ৰীজ, টিভি আদিৰো সুবিধা ৰখা হৈছে। বাহন খনত কমেও ৭৫ গৰাকী লোকে যাত্ৰা কৰিব পৰা সুবিধাও সন্নিবিষ্ট কৰা আছে।

Post a Comment

Previous Post Next Post