দেওবাৰৰ নিশাৰ পাছত ৰাছিয়াত সম্পুৰ্ণৰূপে বন্ধ হৈ পৰি সামাজিক মাধ্যম ইষ্টাগ্ৰামৰ সেৱা।
ইতিমধ্যে ৰাছিয়া চৰকাৰৰ তৰফৰ পৰা দেশখনৰ ইষ্টাগ্ৰাম ব্যাৱহাৰকাৰী সকলক দেওবাৰে নিশাৰ পাছৰ পৰা দেশখনত ইষ্টাগ্ৰাম অচল হৈ পৰিব বুলি সদৰী কৰে।
ইষ্টাগ্ৰাম বন্ধ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাছিয়ান নাগৰিক সকলক তেওঁলোকৰ ইষ্টাগ্ৰামত থকা ফটো আৰু ভিডিঅ’ সমূহ অন্য মাধ্যমত সংৰক্ষণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰাছিয়ান চৰকাৰে।
ৰাছিয়াই নিজা সামাজিক মাধ্যম বিকাশ কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত ইষ্টাগ্ৰামৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।
ইষ্টাগ্ৰামৰ সহযোগী সংস্থা মেটাই অলপতে ইউক্ৰেইনৰ ব্যাৱহাৰকাৰী সকলক ‘ৰাছিয়ান আক্ৰমণকাৰীৰ মৃত্যু হওঁক’ ধৰণৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে অনুমতি দিয়াৰ পাছতে ৰাছিয়াই ইষ্টাগ্ৰাম বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে বিভিন্ন দেশৰ পৰা ব্যাপক নিষেধাজ্ঞাৰ সন্মুখিন হ’বলগীয়া হৈছে।