৭৫ টা ঐতিহ্যক্ষেত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই বৰ্ষৰ যোগ দিৱস : সৰ্বানন্দ সোণোৱাল

 


কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ২০২২ বৰ্ষৰ যোগ মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অষ্টম সংখ্যক যোগ দিৱস উদযাপন উপলক্ষে ১০০ দিনীয়া কাউণ্টডাউন আৰম্ভ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোগ মহোৎসৱখনি উদ্বোধন কৰে।

২১ জুনত অনুষ্ঠিত হ’বলগীয়া অষ্টম যোগ দিৱস এইবাৰ বিশ্বৰ ৭৫ টা ঐতিহ্যক্ষেত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰত উদযাপন কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়।

“এয়া সমগ্ৰ বিশ্বত সুস্বাস্থ্য, শান্তি আৰু সমৃদ্ধিক আগবঢ়াই নিয়াৰ এক মহান সুযোগ,” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কয়।

ইপিনে, যোগক সমগ্ৰ বিশ্বত পুনৰ জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা ভূমিকাকো প্ৰশংসা কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোগৰ জৰিয়তে দেশবাসীয়ে সুস্বাস্থ্য লাভৰ ক্ষেত্ৰত পুনৰ এক নতুন যাত্ৰা লাভ কৰিব বুলিও সোণোৱালে কয়।

Post a Comment

Previous Post Next Post