ছোনিয়া গান্ধীয়ে থাকিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপে

 


পাঁচখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ ব্যাপক খহনীয়াৰ পাছত দেওবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কৰ্তব্য পালন কৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰা, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে আৰু পি চিদাম্বৰমকে ধৰি অন্যান্য কংগ্ৰেছ নেতা সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপে থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

“আমাৰ সকলোৰে আমাৰ নেতৃত্বৰ ওপৰত বিশ্বাস আছে,” ৱৰ্কিং কমিটিৰ বৈঠকৰ অন্তত এইদৰে কয় কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে।

আজি প্ৰায় চাৰি ঘণ্টা ত্ৰিশ মিনিট সময়জুৰি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰপ্ৰদেশ, গোৱা, মণিপুৰ, পঞ্জাৱ আৰু উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পাছত দলৰ স্থিতি সম্পৰ্কেও আলোচনা হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, সদ্য ঘোষিত উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এইবাৰ চৰম হতাশজনক প্ৰদৰ্শন দাঙি ধৰি মাত্ৰ ২ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল।

Post a Comment

Previous Post Next Post