ইউক্ৰেইনত ৰাছিয়ান সেনাবাহিনীৰ গুলীবৰ্ষণত মৃত্যু ৫১ বছৰীয়া মাৰ্কিন সাংবাদিকৰ

 


আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰসিদ্ধ সংবাদ মাধ্যম নিউয়ৰ্ক টাইমছৰ প্ৰাক্তন সাংবাদিক ব্ৰেণ্ট ৰেণাউদৰ ৰাছিয়ান সেনা বাহিনীৰ গুলীবৰ্ষণত মৃত্যু হয়।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ইউক্ৰেইনত নিজৰ কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে ৰাছিয়ান সেনাৰ গুলীবৰ্ষণত মৃত্যু হয় নিউয়ৰ্ক টাইমছৰ প্ৰাক্তন সাংবাদিক তথা মাৰ্কিন নাগৰিক গৰাকীৰ।

ৰাছিয়ান সেনাৰ গুলীবৰ্ষণত নিউয়ৰ্ক টাইমছৰ প্ৰাক্তন সাংবাদিক গৰাকীৰ লগতে আন এজন সতীৰ্থ সাংবাদিক আঘাতপ্ৰাপ্ত হয়।

দ্যা নিউয়ৰ্ক টাইমছে ৫১ বছৰীয়া সাংবাদিক গৰাকীৰ যুদ্ধক্ষেত্ৰত ৰাছিয়ান সেনা বাহিনীৰ গুলীবৰ্ষণৰ ফলত মৃত্যু হয় বুলি প্ৰকাশ কৰে।

“যদিও তেওঁ নিউয়ৰ্ক টাইমছৰ হৈ ২০১৫ চনলৈ কাম কৰিছিল কিন্তু তেওঁ নিউয়ৰ্ক টাইমছৰ কামত ইউক্ৰেইনত নাছিল,” নিউয়ৰ্ক টাইমছে এইদৰে কয়।

উল্লেখযোগ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধই তৃতীয় সপ্তাহত প্ৰৱেশ কৰাৰ পাছতো ৰাছিয়ান সেনা বাহিনীয়ে ইউক্ৰেইনৰ ওপৰত তীব্ৰ আক্ৰমণ অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post