বিশ্ববাসীক কৰণা ভাইৰাছ উপহাৰ দিয়া ৰঙা চীনত পুনৰ আৰম্ভ হৈছে কৰণাৰ ভয়ংকৰ সংক্ৰমণ। মাত্ৰ দুটা দিনৰ ভিতৰতে দেশখনৰ তিনিখনকৈ চহৰত লকডাউন।
যাৰ বাবে ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছে ৩ কোটি জনতা। জিনপিং চৰকাৰে দেশখনৰ দক্ষিণ প্ৰান্তত লকডাউন ঘোষণা কৰিছে।
ইয়াৰে এখন চহৰৰ বাসিন্দাৰ সংখ্যা ১ কোটি ৭০ লাখৰ ওপৰ, আন এখনৰ ৯০ লাখ আৰু আন এখনৰ জনসংখ্যা ৫০ লাখৰ ওচৰা ওচৰি।
শনিবাৰে দেশখনত ৩,৩০০ গৰাকীৰো অধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা গৈছে। চীনত বিগত দুটা বছৰৰ তুলনাত এইবাৰেই সৰ্বাধিক কৰণাত আক্ৰান্ত লোক ধৰা পৰিছে।
যাৰ বাবে চীনৰ প্ৰশাসনে আজিৰ দিনটোতে পূৰ্বৰ সৈতে মিলি মুঠ তিনিখনকৈ চহৰত লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে। কৰণাৰ সংক্ৰমণ কিছু পৰিমানে হলেও ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত বুলি সদৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা।